জোনাক, যৌৱন,
চিন্তাৰ প্লাবন,
গভীৰ নিদ্ৰা,
মিঠা সপোন ।
ৰজনীগন্ধা, শেৱালী,
দূৰনিৰ বাঁহী,
সুৰাৰ ৰাগী,
সন্তেকীয়া গ্লানী,
সব চলিব ।
বচ কালি পুৱা উঠাই দিবা ।
ম’বাইলৰ ফুচ ফুচ,
থিক কৈছা, হয় দোস্ত,
Netflix’ৰ তামাচা,
Insta Facebook।
নীৰবতা অবিৰাম,
অস্থিৰ মনবোৰ,
তাৰ মাজতেই আহিব টোপনি
বচ কালি পুৱা জগাই দিবা।
আৰু কালি পুৱা,
আমি সকলোৱে
একো নজনাৰ ভাও জুৰিম।