এমুঠি জোনাক, একাজলী আদৰ,
কিছু অভিমান, শব্দৰ সমাহাৰ,
প্ৰেয়সীৰ চকুৰে বিৰিঙা তিৰবিৰ,
আধা ফুটা হাঁহি, আৰু নিচেই আপোন আবদাৰ,
বুকুৰ সঁফুৰাত সকলো একাকাৰ।
বিৰহী দিনবোৰ
স্মৃতিৰ ৰঙেৰে ৰাঙলী হ’লেও,
আবেলী, গধূলী, জোনাক,
গতানুগতিক, একেবৰণীয়া,
পুৰনা, মেলেন্ধোৱা।
দিনবোৰে চিয়ঁৰী কান্দিব নেজানে।
নেজানে বুকু ভঙাঁ কবিতা গাব,
দিনবোৰ কঠোৱা, হৃদয়হীন।
দুখৰ দিনতো জেঠৰ হাঁহি,
সুখেও দেখে শাওনী চকুপানী,
প্ৰসঙ্গ নুবুজে দিনবোৰে।
সঘনাই সলনি হৈছে বুকুৰ বতৰ,
কালিলৈকে স্ৱচ্ছ ফৰকাল প্ৰেমবোৰ
তোমাৰ আঁচলত ধৰি আতৰি গ’ল।
আৰু তোমাৰ ঠাই লোৱা কলীয়া ডাৱৰ
গুজৰি গুমৰি আউল বাউল হ’ল।
যেন ধাৰাষাৰ হুমুনিয়াহে
বিষাদ বিজুলীৰ প্লাৱন আনিছে,
আৰু চৌদিশে নিৰাশাৰ বাট পথ,
বোকা পানীৰে একাকাৰ হৈছে।