জোনাকৰ চাদৰখন আতৰি গ’লে
তুমি দেখিবা,
অমানিশা কিমান ধূনিয়া।
য’ত নেথাকে
অকৃতিম সম্পৰ্কৰ
অযথা চাপ,
আৰু ভালপোৱা ভাললগাৰ
নেদেখা বান্ধ।
মুকলিমূৰীয়া মূক্তচিত্ত,
পাৰ হ’বা মায়াবৃত্ত,
যেন এটি মতলীয়া পক্ষী,
সৰ্বাকৰ্ষণৰ পৰিধীৰ উৰ্ধত।
মহাকাশ তোমাৰ ঘৰ হ’ব?
শূন্যতা দেউকাৰ যোৰ হ’ব?
জোনাকৰো উৰ্ধত তুমি যাবা?
নেওচি মায়াময় ৰূপোৱালী আভা?
জোনাক পাচে ৰৈ যাব
তুমি এৰি যোৱা পুণিটোৰ কাষত,
আনেটি সন্ধ্যাৰ
নিলাজ ৰাগীবোৰ
তোমাৰ দুচকুৰে পান কৰাৰ আশাত ।