মোৰ জোন
তোৰ হ’ব নোৱাৰিলো।
তোৰ পদূলীৰেই
আহিলো সেইদিনা।
এন্ধাৰ আছিল যে
চয়াময়াকে তোকেই দেখিলো
নে তোৰ জীৱন সোৱঁৰণ
তোক ঢাকি ৰখা ডাৱৰেহে জানিব ।
ডাৱৰতো বোকাৰ দাগ।
বোকা শাওনৰ পথাৰৰ, নে
কজলা দিনৰ গেলেকনী বাটৰ,
এৰি অহা দিনবোৰেহে জানিব।
আঠ মঙলাৰ দিনা
তয়েই কবি মোক।
তই ভূল নুবুজিবি মোক।
তোৰ ঘাটৰ ঠুনুকা জৰীদাল
মোৰ জীৱনৰ সোঁতত চিঙি যায়।
আৰু মোৰ জীৱনৰ গুৰিব’ঠা
আগ-গুৰি নোহোৱা কিন্নৰ জাকৰ
হাতত তুলি দিওঁ মই।