আৰু এটি শৰৎ,
আৰু এটা বসন্ত,
তোমাৰ মতেই হওক
আৰু এটি মুহূৰ্ত।
সময় শিল হ’লে,
নিগৰি ওলাওক
তুমিহীন প্ৰহৰবোৰ।
জুবিন দাৰ গীতত
জোনাক গলাৰ দৰে ।
দূৰ সুদূৰ,
চকুৰে নমনা
অপাৰ সাগৰ,
তাৰো সিপাৰে থকা
অজান দেশবোৰ,
আৰু নুশুনা সুৰবোৰ,
পাৰ হৈ মই ৰ’ম।
আকৌ জোনাক গলাৰ আশাত।