তোমাৰ প্ৰেমাস্পদৰ
ভাল পোৱাৰ গান,
প্ৰেমৰ ভাষা,
গূপূত ইতিহাস,
জীৱনেইটো হয়!
যি নদী হৈ বয়!
সেমেকা আবেলীৰ
পৰৱৰ্তী জোনাকনো
ক’ত জিলিকি থাকে!
ক’লা ডাৱৰে
বিষাদ বেলিকা
অশ্ৰুৰ জোৱাৰ আনে।
গিৰ গিৰ হিৰ হিৰ
বিজুলী গাজনীৰে
ধাৰাসাৰ ষ্মৃতিৰ
পোনঃলোকন কৰে।
হেৰাই যোৱা জোনটোৱে
মিচা প্ৰেমৰ অপবাদবোৰ মচিব খোজে
নিস্পাপ মৰমৰে, নিভাজ আশাৰে,
সমান্তৰাল জীৱন, একপক্ষীয় প্ৰেমেৰে।
আৰু আবেলীটো আগুৱাই যায়,
আবেলীটো জীয়াই যায় ।