দুদিনীয়া জোনাকৰ
এদিনীয়া পূৰ্নিমা।
জোনাকৰ পূৰ্ণৰূপ
ৰূপোৱালী স্বৰূপ।
লেই লেই ছেই ছেই
কাঁচি জোন কুৰুপ।
মৰাহীত মৰহি যোৱা,
একাদশীত লঘোনে থকা,
দুতেলীয়া দূভেজীয়া,
আজি অহা কালি যোৱা,
মহিয়সী মহিৰূপ।
জোনাক ৰোমান্স,
নদীপৰিয়া প্ৰমীজ,
লেৰেলা সাদৰ আৰু
স্বৰ্গীয় পৰস্পৰ্শ।
বিনিদ্ৰ প্ৰেম,
ছকা-ছেৰূগা ভালপোৱা।
সকলো একে বাটেৰেই ঘূৰি যায়।
যেন এখন ৰঙা কলিজা
আৰু এজোৰ পেন্সিল হিল্ চেন্দেল।