Blogger

জোনাক ১২

তুমাৰেই টো সময় আদি, অনাদি, অনন্ত। তুমাৰেই টো মই, দেৱা-বিবেক দিপাংকৰ।

আবেলি ৬

ব্যস্তৰ সাজ জোৰ সলাই মৰমৰ সাঁজ যোৰ পিন্ধি মোৰ ওচৰত আহিবলৈ সময় হব নে তোমাৰ…?

জোনাক ১১

মাজ ৰাতিৰ বুঢ়া জোনাকৰ এটি নুশুনা সাধু শুনোঁ আহা! বাস্তৱ পৃথিৱীৰ সমূলি শেষত নুহোৱা নপুজা এটি বেবেৰিবাঙ` সাধু। ডেকা জোনাকৰ আবেলিৰে ধেমালি, বাহু মেলা আকাশত তিৰবিৰ তৰালি, তামুল পাতৰ মাজৰে উষ্ম অভিবাদন চাওতে চাওতে সন্ধিয়াটোও পুৰণি। বগা ক’লা, চয়া ময়া, পুণিটো আগুৱাই যায়। মহাকাশৰ মহাশূন্যলৈ, গছ, পাত, আবেলি, গধূলি, সকলো নেউচি। আপোন পৰিচয়, আত্মভিমান মেৰঘৰৰ […]

আবেলি ৫

সময়ৰ সোঁতত আজি সকলো সলনি , আপোন বুলি ভবা মানুহ বোৰ আজি অচিনাকি…. কবলগীয়া একো নাই, নাই একো অভিমান আক্ষেপ….. আছে মাথো স্মৃতিবোৰ আজি আৱেগহীন বৰুষুণ জাকে বহু কথা সুৱৰাই দিছে….. জীৱন যাত্ৰাত আজি যুজি যুজি ভাগৰি পৰিছো। ভাগৰি কেৱল মাত্র বিচনাৰ কোলাকে সাৱটিচো। মনৰ কথাবোৰ কাকো খুলি কব নোৱাৰা হৈছো, কেৱল মাত্ৰ ৰাতিৰ আন্ধাৰত […]

জোনাক ১০

এমুঠি জোনাক, একাজলী আদৰ, কিছু অভিমান, শব্দৰ সমাহাৰ, প্ৰেয়সীৰ চকুৰে বিৰিঙা তিৰবিৰ, আধা ফুটা হাঁহি, আৰু নিচেই আপোন আবদাৰ, বুকুৰ সঁফুৰাত সকলো একাকাৰ। বিৰহী দিনবোৰ স্মৃতিৰ ৰঙেৰে ৰাঙলী হ’লেও, আবেলী, গধূলী, জোনাক, গতানুগতিক, একেবৰণীয়া, পুৰনা, মেলেন্ধোৱা। দিনবোৰে চিয়ঁৰী কান্দিব নেজানে। নেজানে বুকু ভঙাঁ কবিতা গাব, দিনবোৰ কঠোৱা, হৃদয়হীন। দুখৰ দিনতো জেঠৰ হাঁহি, সুখেও দেখে শাওনী […]

জোনাক ৯

বুঢ়া জোনাকৰ প্ৰাণৰ লগৰী সঁজাৰ চৰাই জনী দেওকা কোবাই কৰে দেওধনী এইয়া তাইৰ মুকুতিৰ ক্ষন। জাকে জাক হৈ মুক্ত বিহঙ্গী, মুকুতিৰ গান, বনৰীয়া বিহু আৰু আপোন পাহৰা প্ৰাণ । বুঢ়াই বুজিছে কাইলৈ আবেলীৰ পাছত, গধূলী নহয়। নানামে জোনাক। মাজৰাতিৰ অনামিশাই, অন্তিম কিৰণ কৰিব গ্ৰাস। জোনাকে মাথো কান পাতি শুনিব, কিজানিবা শুনেই সাদৰি বিহগীৰ ডেউকাৰ মাত, […]

জোনাক ৮

তোমাৰ প্ৰেমাস্পদৰ ভাল পোৱাৰ গান, প্ৰেমৰ ভাষা, গূপূত ইতিহাস, জীৱনেইটো হয়! যি নদী হৈ বয়! সেমেকা আবেলীৰ পৰৱৰ্তী জোনাকনো ক’ত জিলিকি থাকে! ক’লা ডাৱৰে বিষাদ বেলিকা অশ্ৰুৰ জোৱাৰ আনে। গিৰ গিৰ হিৰ হিৰ বিজুলী গাজনীৰে ধাৰাসাৰ ষ্মৃতিৰ পোনঃলোকন কৰে। হেৰাই যোৱা জোনটোৱে মিচা প্ৰেমৰ অপবাদবোৰ মচিব খোজে নিস্পাপ মৰমৰে, নিভাজ আশাৰে, সমান্তৰাল জীৱন, একপক্ষীয় প্ৰেমেৰে। […]

জোনাক ৭

তোমাৰ প্ৰেমৰ মহাভিষেক আজি। লাবণ্যৰ সাম্ৰাজ্ঞী, লয়লাসে গজগামিনী। সজাই তুলিছে দৰবাৰ মহাৰাজৰ এই ৰাজভৃত্যই। প্ৰেম চতিয়াইছে চৌদিশে। কিছু কম পৰিছিল চাগে, কলিজা চেপি তেজ চতিয়াইছে। প্ৰেমৰ প্ৰতীক কাঁচিজোন টো আজিৰ সভাৰ ঝুমৰ হ’ব। জোনাক কিছু কম হৈছিল যে, মন পথাৰ উদং কৰি, জোনাকি পৰুৱাৰে পোহৰ খাচিছে। ৰজনিগন্ধা, হাস্নাহানা, দামী প্ৰেমৰ সুবাস চৌদিশে। জোনাকী কবিতা লিখিছে […]

আবেলি ৪

তোমাৰ জীৱন নামৰ কিতাপখনৰ গোটেই অধ্যায়টো হব নোৱাৰিলো… তাতে কি হ'ল: !!! এটি পৃষ্ঠা হোৱাতোৱে মোৰ বাবে যথেষ্ট

আবেলি ৩

তোমাৰ বুকুৰ সন্ধ্য চহৰত পোহৰ বিলোৱা মই এটি জোনাকী পৰুৱা