Blogger

জোনাক ৬

চকু পানীৰ ভাষা শুনিছা নে তুমি? বৰ ধূনীয়া, সুমধূৰ, ছন্দে ছন্দ মিলোৱা লাৱনী সুৰ। শৰৎৰ পটত আঁকা জোনাক বিভোৰ।

আবেলি ১

তেন্তে এয়াই সমাপ্তি নেকি! য'ত সপোনবোৰ অদৃশ্য হৈ পৰিছে, অমানিশাৰ দিলচাখনত। সমুখত হেজাৰজন থাকিব পাৰে কিন্তু ৰৈ যাও মাথো তোমালে ।।।। বুকুত ৰৈ যোৱা এটি মিঠা বিষ হৈ তুমি।

আবেলি 2

অভিমানবোৰ যদিও বেছি তথাপিও ভালপোৱা কিন্তু কোনো গুনে কম নহয় কেতিয়াবা খং কৰিব পাৰোঁ কিন্তু বেয়া পাই কেতিয়াও নাথাকে।। তুমি অভিমানী হোৱা, তোমাৰ অভিমান দূৰ কৰা দায়িত্ব মোৰ আছিল।। সপোনৰ দলিচাখনত সপোনবোৰ সপোন হৈয়ে থাকিল!! আশাবোৰ হৃদয়ৰ কোনোবা কোণত নিমাত হৈ ৰ'ল।। সময়ে হয়তো নতুন সাথৰ ৰচনা কৰিছে। সহাৰি নজনাবা নেকি মোৰ ভালপোৱাৰ! নে এক […]

জোনাক ৫

আৰু এটি শৰৎ, আৰু এটা বসন্ত, তোমাৰ মতেই হওক আৰু এটি মুহূৰ্ত। সময় শিল হ’লে, নিগৰি ওলাওক তুমিহীন প্ৰহৰবোৰ। জুবিন দাৰ গীতত জোনাক গলাৰ দৰে । দূৰ সুদূৰ, চকুৰে নমনা অপাৰ সাগৰ, তাৰো সিপাৰে থকা অজান দেশবোৰ, আৰু নুশুনা সুৰবোৰ, পাৰ হৈ মই ৰ’ম। আকৌ জোনাক গলাৰ আশাত।

জোনাক ৪

মোৰ জোন তোৰ হ’ব নোৱাৰিলো। তোৰ পদূলীৰেই আহিলো সেইদিনা। এন্ধাৰ আছিল যে চয়াময়াকে তোকেই দেখিলো নে তোৰ জীৱন সোৱঁৰণ তোক ঢাকি ৰখা ডাৱৰেহে জানিব । ডাৱৰতো বোকাৰ দাগ। বোকা শাওনৰ পথাৰৰ, নে কজলা দিনৰ গেলেকনী বাটৰ, এৰি অহা দিনবোৰেহে জানিব। আঠ মঙলাৰ দিনা তয়েই কবি মোক। তই ভূল নুবুজিবি মোক। তোৰ ঘাটৰ ঠুনুকা জৰীদাল মোৰ […]

জোনাক ৩

জোনাকৰ চাদৰখন আতৰি গ’লে তুমি দেখিবা, অমানিশা কিমান ধূনিয়া। য’ত নেথাকে অকৃতিম সম্পৰ্কৰ অযথা চাপ, আৰু ভালপোৱা ভাললগাৰ নেদেখা বান্ধ। মুকলিমূৰীয়া মূক্তচিত্ত, পাৰ হ’বা মায়াবৃত্ত, যেন এটি মতলীয়া পক্ষী, সৰ্বাকৰ্ষণৰ পৰিধীৰ উৰ্ধত। মহাকাশ তোমাৰ ঘৰ হ’ব? শূন্যতা দেউকাৰ যোৰ হ’ব? জোনাকৰো উৰ্ধত তুমি যাবা? নেওচি মায়াময় ৰূপোৱালী আভা? জোনাক পাচে ৰৈ যাব তুমি এৰি যোৱা […]

জোনাক 2

দুদিনীয়া জোনাকৰ এদিনীয়া পূৰ্নিমা। জোনাকৰ পূৰ্ণৰূপ ৰূপোৱালী স্বৰূপ। লেই লেই ছেই ছেই কাঁচি জোন কুৰুপ। মৰাহীত মৰহি যোৱা, একাদশীত লঘোনে থকা, দুতেলীয়া দূভেজীয়া, আজি অহা কালি যোৱা, মহিয়সী মহিৰূপ। জোনাক ৰোমান্স, নদীপৰিয়া প্ৰমীজ, লেৰেলা সাদৰ আৰু স্বৰ্গীয় পৰস্পৰ্শ। বিনিদ্ৰ প্ৰেম, ছকা-ছেৰূগা ভালপোৱা। সকলো একে বাটেৰেই ঘূৰি যায়। যেন এখন ৰঙা কলিজা আৰু এজোৰ পেন্সিল হিল্ […]