অভিমানবোৰ যদিও বেছি তথাপিও
ভালপোৱা কিন্তু কোনো গুনে কম নহয়
কেতিয়াবা খং কৰিব পাৰোঁ
কিন্তু বেয়া পাই কেতিয়াও নাথাকে।।
তুমি অভিমানী হোৱা,
তোমাৰ অভিমান দূৰ কৰা
দায়িত্ব মোৰ আছিল।।
সপোনৰ দলিচাখনত
সপোনবোৰ সপোন হৈয়ে থাকিল!!
আশাবোৰ হৃদয়ৰ কোনোবা
কোণত নিমাত হৈ ৰ'ল।।
সময়ে হয়তো নতুন সাথৰ ৰচনা কৰিছে।
সহাৰি নজনাবা নেকি মোৰ ভালপোৱাৰ!
নে এক পক্ষীয় হৈ ৰব দিবা এই অনুভূতিবোৰ।।