তোমাৰ প্ৰেমৰ মহাভিষেক আজি।
লাবণ্যৰ সাম্ৰাজ্ঞী,
লয়লাসে গজগামিনী।
সজাই তুলিছে দৰবাৰ
মহাৰাজৰ এই ৰাজভৃত্যই।
প্ৰেম চতিয়াইছে চৌদিশে।
কিছু কম পৰিছিল চাগে,
কলিজা চেপি তেজ চতিয়াইছে।
প্ৰেমৰ প্ৰতীক কাঁচিজোন টো
আজিৰ সভাৰ ঝুমৰ হ’ব।
জোনাক কিছু কম হৈছিল যে,
মন পথাৰ উদং কৰি,
জোনাকি পৰুৱাৰে পোহৰ খাচিছে।
ৰজনিগন্ধা, হাস্নাহানা,
দামী প্ৰেমৰ সুবাস চৌদিশে।
জোনাকী কবিতা লিখিছে সি,
শব্দৰ দলিচা পাৰি দিছে।
ডাঙৰ মানুহৰ প্ৰেমাভিষেক,
সৰু মানুহৰ অভিবাদন
সি প্ৰেমৰ গীত জুৰিছে।
চিয়ঁৰি চিয়ঁৰি গীত গাইছে।
গাই আছে, গাই আছে।
আৰু মাথোঁ গাই আছে।