বুঢ়া জোনাকৰ
প্ৰাণৰ লগৰী
সঁজাৰ চৰাই জনী
দেওকা কোবাই
কৰে দেওধনী
এইয়া তাইৰ মুকুতিৰ ক্ষন।
জাকে জাক হৈ
মুক্ত বিহঙ্গী,
মুকুতিৰ গান,
বনৰীয়া বিহু
আৰু আপোন পাহৰা প্ৰাণ ।
বুঢ়াই বুজিছে
কাইলৈ আবেলীৰ পাছত,
গধূলী নহয়।
নানামে জোনাক।
মাজৰাতিৰ অনামিশাই,
অন্তিম কিৰণ কৰিব গ্ৰাস।
জোনাকে মাথো কান পাতি শুনিব,
কিজানিবা শুনেই
সাদৰি বিহগীৰ ডেউকাৰ মাত,
উলাহত গোৱা বসন্তৰ গান।