সময়ৰ সোঁতত আজি সকলো সলনি ,
আপোন বুলি ভবা মানুহ বোৰ
আজি অচিনাকি….
কবলগীয়া একো নাই,
নাই একো অভিমান আক্ষেপ…..
আছে মাথো স্মৃতিবোৰ
আজি আৱেগহীন বৰুষুণ জাকে বহু কথা সুৱৰাই দিছে…..
জীৱন যাত্ৰাত আজি
যুজি যুজি ভাগৰি পৰিছো।
ভাগৰি কেৱল মাত্র
বিচনাৰ কোলাকে সাৱটিচো।
মনৰ কথাবোৰ কাকো খুলি কব নোৱাৰা হৈছো,
কেৱল মাত্ৰ ৰাতিৰ আন্ধাৰত
চকুলো লুকাই
শিতানৰ গাৰুতি তিয়াইছো।
মন নাযায় এতিয়া কাৰোৰে লগত কথা পাতিবলৈ
যাই কেৱল নিস্তব্ধ পৰিৱেশত
নিজকে বিলীন কৰিলৈ।।
নিষ্ঠুৰ সময়ত ওচৰত
মই আজি হাৰি গ'লো
হাহি এটি মাৰি সকলো
দুখ ঢাকি ৰাখিবলৈ
চেষ্টা কৰিছো।।