মাজ ৰাতিৰ বুঢ়া জোনাকৰ
এটি নুশুনা সাধু শুনোঁ আহা!
বাস্তৱ পৃথিৱীৰ সমূলি শেষত
নুহোৱা নপুজা এটি বেবেৰিবাঙ` সাধু।
ডেকা জোনাকৰ আবেলিৰে ধেমালি,
বাহু মেলা আকাশত তিৰবিৰ তৰালি,
তামুল পাতৰ মাজৰে উষ্ম অভিবাদন
চাওতে চাওতে সন্ধিয়াটোও পুৰণি।
বগা ক’লা, চয়া ময়া,
পুণিটো আগুৱাই যায়।
মহাকাশৰ মহাশূন্যলৈ,
গছ, পাত, আবেলি, গধূলি,
সকলো নেউচি।
আপোন পৰিচয়, আত্মভিমান
মেৰঘৰৰ গাধৰীতে থাকি যায়।
আৰু জোনাক আগ বাঢ়ে
এক বিশাল শূন্যতাৰ মহা-মধ্যলৈ।